পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৫
সটীক নামঘোষা

 মনুষ্য জনম লাভ কৰা বৰ কঠিন, অশেষ জন্মৰ পাচত নানা সুকৃতি গোট খালেহে জীৱে মানৱ জন্ম পায়; এনে কষ্ট কৰি পোৱা মনুষ্য জন্ম লাভ কৰি যি লোকে ভগৱানক নাভাৱে, সেই লোকৰ চিত্ত বিষয়-সুখতে লিপ্ত থাকে আৰু ফলত পুনঃ পুনঃ জন্মি সেই বিষয়তে পৰি নানা কষ্ট ভোগ কৰে।

[ ৪৮৯]

কলি যুগে হৰি নাম নকৰে কীৰ্ত্তন।
আপোনাক আপুনি বঞ্চিলে সিটোজন॥

 কলি যুগৰ ধৰ্ম্ম হৈছে হৰি নাম কীৰ্ত্তন, যি এই যুগধৰ্ম্মৰ আচৰণ নকৰে, তেওঁ নিজে ইচ্ছা কৰি নিজক বঞ্চনা কৰাৰ দৰে হয়।

[ ৪৯০ ]

হৰি ভক্তি হৰি নাম নলৱে সাক্ষাত।
আপোনাক আপুনি কৰিল আত্মঘাত॥

সাক্ষাত—সন্মুখত, বৰ্ত্তমানে, সম্প্ৰতি।

 যি লোকে ভগৱানক আশ্ৰয় কৰি বৰ্ত্তমানে তেওঁৰ নাম-গুণ কীৰ্ত্তন নকৰে, সেই লোক আত্মঘাতী হোৱাৰ দৰে হয় অৰ্থাৎ নিজেই নিজক অধোগামী কৰে।

[ ৪৯১ ]

ব্ৰহ্মাৰ প্ৰাৰ্থনী ইটো নৰকায়া পায়া।
নভজিলে হৰিক বঞ্চিলে বিষ্ণুমায়া।॥