পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৪
সটীক নামঘোষা

 যি অলপতে মৰিব লাগিব তেনে মৰণশীল লোকে পৰজন্মৰ চিন্তা নকৰে, এনে নীচ প্ৰকৃতিৰ লোক মানৱ জন্ম ধৰা ধিক্কাৰ, মিছাতে মানৱ জন্ম ধৰিলে—তাৰ একো সাৰ্থক নহল।

[ ৪৮৬ ]

হৰি পদে নভজে শাস্ত্ৰৰ সাৰ বুজি।
বেঙ্কা মুৱা যমদূতে তাক ফুৰে খুজি॥

 সকলো ধৰ্ম্মৰ সাৰ তত্ত্ব হৈছে হৰিক চিন্তা কৰা; যিলোকে এনে ত্ৰাণকৰ্ত্তা ভগৱানৰ নাম চিন্তা নকৰে, সেইলোকক কুৰূপ যমদুতে ধৰি নি শাস্তি দিবলৈ বিচাৰি ফুৰে অৰ্থাৎ মৃত্যুৰ পাচত সেই লোকে মুক্তি লাভ কৰিব নোৱাৰি সংসাৰত পুনঃ পুনঃ জন্মি নানাৰূপ দুখ-কষ্ট ভোগ কৰে।

[ ৪৮৭ ]

নৰতনু পায়া হৰি নভজে যি নৰে।
সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে॥

 কত জন্মৰ সুকৃতিৰ ফলত যিলোকে মানৱ জন্ম গ্ৰহণ কৰিও হৰিক নাভাবে, সেই লোকে মুক্তি লাভ কৰিব নোৱাৰি বাসনাৰ অধীন হোৱাৰ ফলত নানা জীৱৰূপে পুনঃ পুনঃ সংসাৰত জন্মি অশেষ দুৰ্গতি ভোগ কৰে।

[ ৪৮৮ ]

দুৰ্ল্লভ শৰীৰ পাই হৰি নভজিল।
দুৰ্ঘোৰ সংসাৰে সিটো চিত্ত নিমজিল॥