পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৩
সটীক নামঘোষা

এই কাৰণেই পুৰুষাকাৰ ভাৱে ভগৱানক চিন্তা কৰিবলৈ এইদৰে কৈছে; ] ভগৱানৰ পুৰুষ আকৃতিৰ মূল কথা শুনা, তেওঁৰ গাম্ভীৰ্য্য তিনি প্ৰকাৰ, শৰীৰৰ সাত অঙ্গ ৰঙা, পাঁচ অঙ্গ দীৰ্ঘ আৰু ছয় অঙ্গ উন্নত৷

[ ৩৯৪ ]

গমন গম্ভীৰ বচন গম্ভীৰ
 গম্ভীৰ নাভি কমল।
এহি ত্ৰিগম্ভীৰ  স্মৰণে কৃষ্ণৰ
 মিলয় মহা মঙ্গল॥

ভগৱানৰ গমন আৰু কথা গম্ভীৰ, তেওঁৰ নাভিও দ। তেওঁৰ

এই তিনি প্ৰকাৰ গম্ভীৰ্য্য স্মৰণ কৰিলে লোকৰ মহা মঙ্গল হয়।

[ ৩৯৫ ]

অৰুণ নয়ন অধৰ দশন
 অৰুণ কৰ চৰণ।
নখ ৰেখাচয় অৰুণ কৃষ্ণৰ
 স্মৰণে দুখ তৰণ॥

 ভগৱানৰ চকু, ওঁঠ, দাঁত, হাত, চৰণ নখ আৰু শৰীৰৰ ওপৰত থক ৰেখাবোৰ ৰঙা; এই ভাৱে এইবোৰ অঙ্গ ভাবিলে লোক দুখ পৰা উদ্ধাৰ হব পাৰে।

[৩৯৬]

সুদীৰ্ঘ নয়ন গ্ৰীবা বাহু পদ
 আৱৰ আঙ্গুলিচয়।