পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
সটীক নামঘোষা

তাতেসে আপোন  যশত সন্তুষ্ট
 ঈশ্বৰ প্ৰভু মুৰাৰি॥

 হৰিৰ গুণ-কীৰ্ত্তন অতি নিৰ্ম্মল ধৰ্ম্ম, ই জগতক পৱিত্ৰ কৰে; সেই কাৰণে মূৰ দৈত্য বিনাশকাৰী প্ৰভু ঈশ্বৰ তেওঁৰ বশ গান শুনিলে সন্তুষ্ট হয়; অৰ্থাৎ ভগৱান দয়াময়, তেওঁৰ নাম-গুণ কীৰ্ত্তনত লোকৰ পাপৰূপ অসুৰ দূৰ হয়, লোক পৱিত্ৰ হয়; তেওঁৰ নাম-গুণ কীৰ্ত্তন কৰি লোকবিলাক পৱিত্ৰ হোৱা দেখিলে দয়াময় ভগৱান পৰিতুষ্ট হয়।

কৃষ্ণৰ পুৰুষ লক্ষণ

ত্ৰিগম্ভীৰং সপ্তৰক্তং পঞ্চদীৰ্ঘং ষড়ুন্নত।
যঃ স্মৰেদ্দেৱদেৱস্য তস্য সৰ্ব্বত্ৰ মঙ্গলং॥ ৩৯৩-৩৯৭

[ ৩৯৩ ]

ঈশ্বৰ কৃষ্ণৰ শুনিয়োক মহা
 পুৰুষ লক্ষণ সাৰ।
ত্ৰি গম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ
 উন্নত ছয় প্ৰকাৰ॥

 [ভগৱান নিৰাকাৰ হলেও ভক্তি পথৰ প্ৰথম পথিকসকলে তেওঁক নিৰাকাৰ ভাৱে ধাৰণ কৰিবলৈ টান পায়; সেই কাৰণে হিন্দু শাস্ত্ৰত প্ৰথমে সাকাৰ ভাৱে ভাবিবলৈ ব্যৱস্থা আছে। এই গ্ৰন্থতো