পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
সটীক নামঘোষা

এহি পঞ্চ দীৰ্ঘ  স্মৰণে কৃষ্ণৰ
 মিলে মহা মহোদয়॥

 ভগৱানৰ চকু যাৰ, বাহু, পদ আৰু আঙ্গুলিবোৰ দীঘল; তেওঁৰ শৰীৰৰ দীঘল এই পাঁচ অঙ্গ মনত ধাৰণা কৰিলে জীৱৰ পৰম ভাগ্য মিলে।

[ ৩৯৭ ]

কন্ধ উন্নত ভ্ৰৱ নাসা পদ
 উন্নত নখ হৃদয়।
এহি ছয় স্থান উন্নত কৃষ্ণৰ
 স্মৰণে মোক্ষ মিলয়॥

 ভগৱানৰ কান্ধ, ভ্ৰু, নাক, পদ, নখ, আৰু বুক এই ছয় অঙ্গ ওখ ( পিঠি দেখিবলৈ বিতোপন)। ভগৱানক এই ভাৱে ধাৰণা কৰিব পাৰিলে, তাৰ ফলতে শেষত মুক্তিলাভ কৰিব পাৰি।

যুগধৰ্ম্ম

কৃতে যন্ধ্যায়তো বিষ্ণু ত্ৰেতায়াং যজতো মখৈঃ।
দ্বাপৰে পৰিচৰ্য্যায়াং কলৌ তদ্ধৰিকীৰ্ত্তনাৎ॥ ৩৯৮

[ ৩৯৮ ]

মিনতি বচন বোলো সৰ্ব্বজন
 শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম।