পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
সটীক নামঘোষা

[ ৩৭৭ ]

যিহেতু তোমাৰ চৰণ পঙ্কজে
 নভজিলো নাৰায়ণ।
সিহেতু অনাদি অবিদ্যা আমাৰ
 কৰিল জ্ঞান উচ্ছন্ন॥

অবিদ্যা— অজ্ঞান, মায়া।

অনাদি— অপৰিমিত, ঘোৰ।

 হে নাৰায়ণ, মই তোমাৰ চৰণ পঙ্কজত আশ্ৰয় নোলোৱাৰ কাৰণে ঘোৰ অজ্ঞানে (মায়াই) মোৰ জ্ঞান নাশ কৰিলে অৰ্থাৎ তোমাৰ সেৱা পূজা নকৰাত মায়াই সুবিধা পাই মোৰ জ্ঞান ঢাকি পেলালে বা মোহত পৰি মই তোমাক পাহৰিলোঁ।

[ ৩৭৮ ]

তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ
 নভজো তোমাৰ পাৱে।
এহি দোষে মোক যমদূতে ধৰি
 যাতনা দুখ ভুঞ্জাৱে॥

 হে হৰি, তুমিয়েই মাৰ পিতৃ; অৰ্থাৎ তোমাৰ পৰাই মই জন্ম লাভ কৰিছোঁ, তুমি মোৰ গুৰু আৰু পূজনীয়জন আৰু তুমিয়েই মোৰ আৰাধনাৰ ধন; তথাপি মই তোমাৰ আশ্ৰয় নলওঁ বা তোমাক নাভাৱোঁ; এই দোষৰ কাৰণে যমদূতে মোক যাতনা দিয়ে অৰ্থাৎ তোমাক নভবাৰ ফলত মই সংসাৰত আয়াযাত কৰি অশেষ কষ্ট ভোগ কৰোঁ৷