পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
সটীক নামঘোষা

 হৰিভক্তৰ পক্ষে শ্ৰীমন্ত শঙ্কৰে কল্পতৰু বৃক্ষৰদৰে অৰ্থাৎ হিন্দুৱে কল্পনা কৰা স্বৰ্গত থকা কল্পতৰু বৃক্ষত যি খোজা যায় তাকে পোৱাৰদৰে কৃষ্ণভক্তৰ পক্ষে শ্ৰীমন্ত শঙ্কৰো তেনে কল্পতৰুৰূপী কৃপালু; ভক্তসকলে ভক্তিভাৱে পৰমাৰ্থতত্ত্ব বিষয়ক যি খোজে, তেওঁ তাকে সেইসকলক দিয়ে অৰ্থাৎ শ্ৰীমন্ত শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্মত সুদৃঢ় বিশ্বাস কৰি যেয়ে যি ভাৱে ভাৱন কৰে, তাৰে সেই ভাব সিদ্ধি হয়; সেইকাৰণে গ্ৰন্থকাৰে কৈছে, তেৱেঁই মোৰ পৰম গুৰু; তেওঁত বাজে আৰু মোৰ আন উপাস্য দেৱতা নাই।

নিবেদন

জীৱনং সৰ্ব্বভূতানাং জনকন্তং জগদ্‌গুৰো।
তন্ময়ালীনতাং প্ৰাপ্তা ত্বয়ৈব জনিতা প্ৰভো॥ ( ৩৭৬ -৩৭৯)

[ ৩৭৬ ]

কতনো অমোঘ অপৰাধ হৰি
 কৰিয়া আছো প্ৰচুৰ।
বুদ্ধিত থাকিয়া নেদেহা সুবুদ্ধি
 কৃপাৰ হুয়া ঠাকুৰ॥

 হে হৰি, মই নজনাৰ কাৰণে কিমান অপৰিমিত গুৰুতৰ দোষ কৰিছোঁ তাৰ সীমা নাই, তুমি পৰম কৃপালু ঠাকুৰ হৈ বুদ্ধিত থাকি অৰ্থাৎ আত্মাৰূপে হিয়াত অধিষ্ঠান কৰিও কিয় মোক ভাল বুদ্ধি নিদিয়া অৰ্থাৎ ভালমতে নচলোৱা?