পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৫
সটীক নামঘোষা

[ ৩৭৯ ]

তুমি প্ৰিয় আত্মা পৰম দেৱতা
 তোমাক ভৈলো বিমুখ।
এতেকে তোমাৰ  মায়ায়ে আমাক
 দিলেক সংসাৰ দুখ॥

 হে প্ৰভু, তুমি মোৰ প্ৰিয়তম আত্মা আৰু সৰ্ব্বদেৱ শ্ৰেষ্ঠ, তথাপি মই তোমালৈ পিঠি দিলোঁ অৰ্থাৎ মই তোমাক ভাবিবলৈ এৰিলোঁ; মই তোমাক নভবাৰ কাৰণে তোমাৰ স্ৰজিত মায়াই মোক আগুৰি ধৰিলে আৰু নানা প্ৰকাৰ সংসাৰ-কষ্ট দিলে।

কলিধৰ্ম্ম নিৰ্ণয়

কৃতাদিযু প্ৰজা ৰাজন্ কলাবিচ্ছন্তি সম্ভৱং।
কলৌ খলু ভবিষ্যন্তি নাৰায়ণপৰাষণাঃ॥ ৩৮০

[ ৩৮০ ]

সত্যাদিৰ লোকে কলিত জনম
 বাঞ্ছা কৰে নিৰন্তৰ।
হৰিগুণ গায়া নিশ্চয় কলিত
 হৈবে নাৰায়ণপৰ॥

সত্যাদিৰ লোকে—সত্য, ত্ৰেতা দ্বাপৰ প্ৰভৃতি যুগৰ লোক।

 সত্য, ত্ৰেতা, আদি যুগৰ লোকসকলে কলিকালত এই পৃথিবীত