পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
সটীক নামঘোষা।

[ ৩৬৩ ]

নিৰাকাৰ নিৰা  ময় নৰোত্তম
 নাৰায়ণ নিৰঞ্জন॥
মুকুন্দ মুৰাৰি ভয় ভয়হাৰী
 ভকত জন ৰঞ্জন॥

নিৰাময়-নিঃ+আময় ৰোগ ) = ৰোগশূন্য, জড়া-ব্যাধিহীন।

 হে আকাৰহীন, ৰোগ জড়া-ব্যাধিহীন ( অতীত ) নৰোত্তম, নাৰায়ণ, নিৰঞ্জন, মুকুন্দমুৰাৰি, তুমি ভৱভয় হৰণ কৰোঁতা অৰ্থাৎ তোমাৰ নাম লৈয়ে সংসাৰী লোকে সকলো ভয় দূৰ কৰিব পাৰে বা জন্মৰ হাত সাৰে, আৰু তুমি ভকতৰ হৃদয়ত আনন্দ দিওঁতা অৰ্থাৎ তোমাক ভাবি ভকতে হৃদয়ত অপাৰ আনন্দ পায়।

বাসুদেৱ বাসুদেৱ বাসুদেৱেভি যো বদেৎ।
বৎসং গৌৰিব ধাৱন্তমনুধাবতি পৃষ্ঠতঃ॥ (৩৬৪)

[ ৩৬৪ ]

মাধৱৰ নাম বৎস প্ৰায় ভৈল
 ভক্তে তাস্ক লৈয়া যান্ত।
বেদৰ ঈশ্বৰ হৰি ধেনু যেন
 তাৰ পাছে পাছে যান্ত॥

 ভগৱন্তৰ নাম গাইৰ দামুৰীৰ দৰে; ভক্তে সেই নামৰূপ দামুৰি লৈ যায় আৰু বেদৰ উক্ত কৰা ঈশ্বৰ হৰি গাইৰদৰে সেই নামৰূপ