পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
সটীক নামঘোষা

[ ৩৬১ ]

ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰঘুপতি
 ৰাঘৱ ৰঘুনন্দন।
অনাদি অনন্ত শিৱ সনাতন
 অচ্যুত জগবন্দন॥

 হে ৰাম ৰঘুপতি ৰাঘৱ ৰঘুনন্দন, তুমি অনাদি, তুমি অনন্ত তুমি মঙ্গলময়, তুমি নিত্য, তুমি বিনাশ শূন্য আৰু তুমিয়েই জগতবাসীৰ বন্দ্য।

[ ৩৬২ ]

দৈৱকীনন্দন  ৰাম নাৰায়ণ
 জগত কাৰণ ৰাম।
সৰ্ব্বদেৱ শিৰো- মণি নাৰায়ণ
 সমস্ত সুখৰ ধাম॥

ধাম— মূল কাৰণ, স্থান, গৃহ।

 [ভগৱানে দৈৱকীৰ উদৰত কৃষ্ণৰূপে জন্মিছিল; সেই কাৰণে কৈছে ] হে দৈৱকীনন্দন নাৰায়ণ ৰাম, তুমি জগতৰ কাৰণ অৰ্থাৎ তোমাৰ পৰাই জগত উদ্ভৱ হৈছে; আৰু ইন্দ্ৰ, বায়ু, বৰুণ আদি যত দেৱতা আছে সকলো দেৱতাৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ; আৰু প্ৰভু, তুমি ইহ-পৰকালৰ সকলো সুখৰ স্থান অৰ্থাৎ তোমাক সেৱা কৰিলে সকলো প্ৰকাৰ সুখ পোৱা যায়।