পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৭
সটীক নামঘোষা

দামুৰীৰ পাছে পাছে যায়; অৰ্থাৎ যিদৰে দামুৰি লৈ গলে গাইজনী পাছে পাছে যায়, সেইদৰে দামুৰি সদৃশ ভগৱানৰ নাম ভকতে একান্তমনে ললে গাই স্বৰূপ ভগৱান ৰব নোৱাৰি ভক্তৰ লগে লগে ফুৰে বা ভক্তৰ হিয়াত দেখা দিয়ে।

তেহপি পূজান্তেইপি ধন্যা ন্ত এব সুহৃদো জনাঃ।
স্বৰন্তঃ স্বাৰয়ন্তো যে হৰেৰ্ন্নাম কলৌ যুগে॥

(৩৬৫-৩৬৮)

[ ৩৬৫ ]

তাৰা সবে পূজ্য তাৰা সবে ধন্য
 তাৰাসে সুহৃদ জন।
কলি যুগে হৰি  আনকো বোলাৱে
 আপুনি কৰে কীৰ্ত্তন॥

 (ভগৱানে কৈছে সেই সকলেই পুজনীয় লোক, সেই সকলেই ধন্য আৰু সেই সকলেই আমাৰ প্ৰিয়তম বন্ধু- যিসকলে এই কলিকালত নিজে হৰি-নাম-গুণ কীৰ্ত্তন কৰে আৰু আনৰ হতুৱাইও কীৰ্ত্তন কৰোৱায়।

[ ৩৬৬ ]

হৰিক বান্ধৱ বুলিয়া যিজনে
 কৰয় হৰি কীৰ্ত্তন॥
সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিল
 জানা সেহি মহাজন