পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সটীক নামঘোষা


[ ১৬ ]

হুয়া দেৱ দিগম্বৰ  ভস্মে বিভূষিত অঙ্গ
 শিৰত ধৰিয়া জটা ভাৰ।
মহেশে সেৱন্ত যাক  হেন হৰি বিনে আন
 কোন শ্ৰেষ্ঠ দেৱ আছে আৰ॥

দিগম্বৰ—দিকৰূপ অম্বৰ, বিবস্ত্ৰ, উলঙ্গ, দশোদিকে হৈছে যাৰ কাপোৰ,

মহাদেৱ।

মহেশ—সদাশিৱ।

 [ সদাশিৱ সৰ্ব্বত্যাগী দেৱ, তেওঁ ভগৱানক ভাবোঁতে ভাবোঁতে তেওঁৰ ভক্তি ইমান চৰম সীমা পাইছিল, যে তেওঁ দিগম্বৰ দেৱতা হৈছিল, অঙ্গ ভস্মেৰে বিভূষিত হৈছিল আৰু তেওঁৰ মূৰৰ চুলি জটাজুট হৈছিল। সদাশিৱে সকলোকে ত্যাগ কৰি উলঙ্গ হৈ শৰীৰত ছাই ঘঁহি মূৰত জটা লৈ যি হৰিক ভক্তি কৰিছিল, সেই সৰ্ব্বদেৱ পূজ্য হৰিৰ বাহিৰে আৰু কোন শ্ৰেষ্ঠ দেৱতা আছে? অৰ্থাৎ হৰিয়েই ঈশ্বৰ, তেওঁতকৈ বৰ কোনো নাই।

ব্ৰ্হ্মাদয়ো বহুতিথং যদপাঙ্গমোক্ষকামস্তপঃ সমাচৰণ্‌ ভগবৎপ্ৰপন্নাঃ।
সাশ্ৰীঃ স্ববাসমৰবিন্দবনং বিহায়, যৎপাদ সৌৰতমলং ভজতেহনুৰক্তা॥

[১৭]

ব্ৰহ্মা আদি দেৱগণে  নিশ্চল সম্পত্তি মনে
 লক্ষ্মীক সেৱন্ত তপ কৰি।