পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সটীক নামঘোষা


[১৫]

কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশি হৰি
 দুৰ্ব্বাসনা হৰে সমস্তয়।
জলৰ যতেক মল  যেহেন শৰৎ কালে
 স্বভাৱতে নিৰ্ম্মল হোৱয়॥

ভকত—অসুৰক্ত, সেৱক, দেৱতাৰ উপাসক, ভগৱন্তক ভজনা কৰোঁতা।
বাসনা—কামনা, ইচ্ছা, কল্পনা।
দুৰ্ব্বাসনা—আত্মজ্ঞান বিৰোধী ভাৱ; বিষয়-বাসনা।
হৰি—মানুহৰ শোক, দুখ হৰণ কৰোঁতা।

 মানুহৰ হৃদয় জলৰ দৰে স্বচ্চ; কিন্তু গ্ৰীষ্ম, বৰ্ষা আদি ঋতুত পানীৰ যিদৰে স্বচ্চতা গুচে আৰু শৰত কালত পানী আপোনা- আপুনি স্বচ্চ হৈ উঠে, সেইদৰে মানুহৰ নিৰ্ম্মল হৃদয়ো কু-প্ৰবৃত্তিয়ে মলযুক্ত কৰে; একান্ত ভকতসকলে শ্ৰদ্ধাৰ সৈতে ভগৱানৰ গুণ- চৰিত্ৰ শুনিলে অৰ্থাৎ জীৱৰ ভগৱানত ভক্তি জন্মিলে, ভগৱান কাণেৰে সোমাই অন্তৰ পোৱাৰ দৰে, সেই হৰিকথাই ভক্তৰ হিয়াৰ কু-প্ৰবৃত্তি- বোৰ নাশ কৰে, অৰ্থাৎ হৰিত ভক্তি জন্মিলে শৰৎ কালত জল নিৰ্ম্মল হোৱাৰদৰে অন্তৰৰ বেয়া ভাব আপোনা-আপুনি আঁতৰি যায়, বিষয় ভাৱে তেওঁক আকুল কৰিব নোৱাৰে।

যমুদ্দীশ্য সদা নাথো মহেশোহপি দিগম্বৰঃ।
জটিলো ভস্ম লিপ্তাঙ্গ স্তপস্বী বীক্ষ্যতে জনৈঃ।
ততোহধিকোহস্তি কো দেৱো লক্ষ্মীকান্ত মধুদ্বিষঃ॥