পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সটীক নামঘোষা


লক্ষ্মীয়ো সেৱন্ত যাক  হেন মহেশ্বৰ বিষ্ণু
 আন কোন দেৱ তাঙ্ক সৰি॥


নিশ্চল—অচল, সদায় থাকা। মহেশ্বৰ -সবাতকৈ বৰ।

 [ সৃষ্টিৰ ভিন ভিন শক্তিক বেলেগ বেলেগ নাম দি হিন্দুৱে পূজা কৰে, এইবোৰেই হিন্দুৰ দেৱতা। এই ব্ৰহ্মা, ইন্দ্ৰ, বায়ু, বৰুণ আদি দেৱতাসকলক ত্ৰিগুণী বুলি আমি ভাবোঁ।

 লক্ষ্মীক হিন্দুৰে সৌভাগ্য-দেৱী বা বিষ্ণুৰ ভাৰ্য্যা বুলি কল্পনা কৰে। লক্ষ্মী ত্ৰিগুণী; তেওঁৰ গাত সত্ত্ব আৰু ৰজগুণ আছে বুলি ভাবা যায়। পুৰাণত এটা গল্প আছে, যে এসময়ত ইন্দ্ৰৰ ওপৰত দুৰ্বাসাৰ কোপ হোৱাত ত্ৰৈলোক্যৰপৰা লক্ষ্মী আঁতৰি গৈ সমুদ্ৰৰ গৰ্ভত আশ্ৰয় লয়। পাচত দেৱতাসকলে সমুদ্ৰ মন্থন কৰাতহে লক্ষ্মী সমুদ্ৰৰপৰা উঠে। ] ব্ৰহ্মা আদি দেৱতাসকলে অচলা-লক্ষ্মী কামনা কৰি সৌভাগ্য-দেৱী লক্ষ্মীক আৰাধনা কৰে, এনে ব্ৰহ্মা আদি দেৱতাসকলৰ আৰাধনা লক্ষ্মীয়েও স্বামী বুলি যাক সেৱা কৰে, বিষ্ণু এনে হেন সকলোতকৈ ডাঙৰ দেৱতা; তেওঁৰ সমান আন কোনো ডাঙৰ দেৱতা নাই। অৰ্থাৎ সকলো শক্তিৰ বিকাশেই সৌন্দৰ্য্য বা শ্ৰী আৰু এই শ্ৰীৰ কাৰণ হৈছে অনাদি কাৰণ ত্ৰিগুণাতীত বিষ্ণু বা ভগৱান, তেৱেঁইে অদ্বিতীয়; তেওঁৰ সমান কোনো নাই।

সৰ্ব্ববেদান্ত সাৰং হি শ্ৰীভাগৱতমুচ্যতে।
তদ্ৰসামৃততৃপ্তস্য নান্যত্ৰ স্যাদ্ৰতিঃ ক্কচিৎ॥