পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ সটীক নামঘোষ। শ্ৰীৰাম নাম মনৰ উৎসৱ ভদ্ৰতো ভদ্ৰ উত্তম মূলপাপ। ভগৱানৰ ৰাম নাম পাপৰূপ অৰণ্যৰ বাড়ৱ অগ্নিৰ দৰে অৰ্থাৎ দাৰাগ্নি উঠিলে যিদৰে অৰণ্য পুৰি ছাই কৰে, ভগৱানৰ নাম একান্ত মনে ললেও সেইদৰে পাপ ক্ষয় হয়। শ্ৰীৰাম নাম আনন্দদায়ক আৰু সি অতি উত্তম পৱিত্ৰ বস্তু অৰ্থাৎ এই পবিত্ৰ নাম একান্ত মনে বলে মানুহৰ অন্তৰত কোনো কাৰ থাকিব নোৱাৰে। নাৰায়ণে। নাম স মাননা প্ৰসিদ্ধ: চৌঃ কথিত: পৃথিব্যাং। অনেক জন্মজ্জিত পাপৰাশিং, হৰত্যশেষং স্মৃতিমাত্ৰ কেৱল। (৩৩) o নাৰায়ণ নাম নৰ সমস্ত প্ৰসিদ্ধ চৌৰ বিশেষ। অনেক জন্ম সাঞ্চিত পাতক স্মৰণ হৰে নিঃশেষ। চৌৰ-চোৰ। তগৱানৰ নাৰায়ণ আদি নাম সকলো মানুহৰ পক্ষে বিখ্যাত চোৰ দৰে; কিয়নো এই নাম একান্ত মনে বলে, নামে মানুহৰ বহুত জন্ম গৰ সঞ্চিত হৈ অহা সকলো পাপ চুৰ কৰি লৈ যায় বা নাশ কৰে।