পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ যি ঠাইত কৃষ্ণৰ অতি বিশুদ্ধ উদাৰ কথাৰ আলাপ হয় অৰ্থাৎ য'ত ভগৱানৰ গুণ চৰিত্ৰ ভক্তসকলে একান্ত মনে শ্ৰৱণ কীৰ্তন কৰে আৰু গঙ্গ, যমুন', গোৰাবৰী আদি সকলো তীৰ্থ মিলে অৰ্থাৎ তীৰ্থাদি পশন কৰিলে যি ফল পোৱা যায়, হৰিৰ গুণ-চৰিত্ৰ হোৱা ঠাইত থাকিলেও সেই ফলকে পোৰ যায়। এৰাম নাম তৱসাগৰদুৰ্গপাৰং, শ্ৰীৰাম নাম ভগৱজ্জনহীনবিত্তং। ৰাম নাম মলকাননচিত্ৰভানু: শৰাম নাৰ মনলোৎসৱ ভদ্ৰ ভদ্ৰং। { ৩২৮-৩২১) [ ৩২৮ ] শ্ৰীৰাম নাম ভকত জনৰ মহাধন হীৰা বিত্ত। সংসাৰ সাগৰ তাৰ দুৰ্গপাৰ শ্ৰীৰাম নাম নিশ্চিত। তক্তৰ মনত ভগৱানৰ নাম দুমূল্য হীৰা আদি বিত্তৰ দৰে আৰু সংসাৰৰূপ সাগৰৰ পাৰত থকা দুৰ্গ স্বৰূপ; অৰ্থাৎ সাগৰৰ পাৰৰ দুৰ্গত থাকিলে যিদৰে সমুদ্ৰৰ উৎপাতৰপৰা ৰক্ষা পোৱা যায়, সংসাৰত থাকি ভগৱানৰ নাম ললেও মনুহক সংসাৰৰ মায়া-মমাহে স্পশ কৰিব নোৱাৰে। [ ৩২৯] শ্ৰীৰাম নাম মল অৰণ্যৰ বাড়ৱ আগনি সম।