সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
সটীক নামঘোষা

[ ৩১৮ ]

অনাদি অনন্ত  অচিন্ত্য ঈশ্বৰ
 তুমিসে নিত্য নিৰ্ম্মল।
গুচাবো কুমতি  ভজোহো কেৱল
 তোমাৰ পদ কমল॥

 হে প্ৰভু, তোমাৰ আদি নাই, তোমাৰ অন্ত নাই, তোমাক চিন্তা কৰি নাপায়; তুমি সবাতকৈ ডাঙৰ, তুমি নিত্য আৰু তুমিয়েই নিৰ্ম্মল। মই একমাত্ৰ তোমাৰ পাদ-পদ্মতেই আশ্ৰয় ললোঁ; অৰ্থাৎ কেৱল তোমাকেই ভাবিম বুলি ঠিক কৰিলোঁ; এভু, মোৰ অন্তৰৰ বেয়া ভাববোৰ আঁতৰোৰা; অৰ্থাৎ যাতে মোৰ মন তোমাৰ চিন্তা এৰি অন্য ফালে না যায় তেনে কৃপা কৰা।

[৩১৯]

হে ভগৱন্ত ভজোহো তোমাৰ
 অভয় পদ কমলে।
মই অনাথক  ৰাখিয়ো ঈশ্বৰ
 অৰুণ চৰণ তলে॥

 হে ভগৱন্ত, তোমাত আশ্ৰয় লাগে সংসাৰ ভয় গুচে, সেই কাৰণে মই তোমাত আশ্ৰয় ললোঁ। তুমি সকলোতকৈ ডাঙৰ তোমাতকৈ বৰ আৰু কোনো নাই। মই নিৰাশ্ৰয়; মই তোমাৰ ওচৰত আশ্ৰয় মাগিছোঁ-মোক তোমাৰ ৰাতুলৰ চৰণত স্থান দিয়া।