পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
সটীক নামঘোষা।

[ ৩২০ ]

হে কৃষ্ণ কৃপা  ময় প্ৰভু মোৰ
 কৰা কৃপা এহিমান।
তোমাৰ চৰণে  ৰহোক আমাৰ
 সদায় নিৰ্ম্মল জ্ঞান॥

নিৰ্ম্মল জ্ঞান- পৱিত্ৰতাব বা ভক্তি।

 হে কৃপাময় কৃষ্ণ প্ৰভু, মোক এই ফেৰা মাত্ৰ কৃপা কৰা, যেন তোমাৰ চৰণত মোৰ নিৰ্ম্মল ভক্তি থাকে অৰ্থাৎ মই যেন অকপট ভাৱে তোমাক চিন্তা কৰি থাকিব পাৰোঁ।

[ ৩২১ ]

জয় জগবন্ধু জগত কাৰণ
 নাৰায়ণ নিৰাকাৰ।
কেৱল তোমাৰ  চৰণ পঙ্কজে
 ৰহোক ৰতি আমাৰ॥

 হে জগতৰ বন্ধু, জগতৰ উৎপত্তিৰ কাৰণ, নিৰাকাৰ নাৰায়ণ প্ৰভু, তোমাৰ নামৰ জয় হওক, মই তোমাৰ ওচৰত আন একো নামাগোঁ, কেৱল তোমাৰ চৰণত ৰতি অৰ্থাৎ মই যেন তোমাক ভাবি ভাল পোৱা হওঁ ইয়াকে কামনা কৰোঁ।