পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
সটীক নামঘোষা

অপৰাধং সহস্ৰাণি ক্ৰিয়ন্তেংহৰ্ঘ্নিশম্ময়া।
দাসোংহমিতি মাং মত্বা ক্ষমন্ব পৰমেশ্বৰ॥
নমঃ কৃষ্ণায় নিত্যায় পৰমেশায়ানন্তমূৰ্ত্তয়ে।
অচিন্ত্যায় দৈৱায় শুদ্ধায় ত্বামহং শৰণং গতঃ॥
গোবিন্দ দয়াশীল দামোদৰ
 গোপাল নাৰায়ণ নিৰাকাৰ।
হৰে কৃপাময় কুৰু কৃপা মাং
 প্ৰপন্নং দীনং ত্বঘ্নি ভক্তিহীনং॥
    ৩১৭—৩২৪

[৩১৭]

কোটি কোটি ঘোৰ অপৰাধ নিতে
 কৰো আমি দুৰাশয়।
হে হৰি মোক দাস হেন মানি
 ক্ষমিয়োক কৃপাময়॥

ঘোৰ—অমোঘ, ডাঙৰ।

দুৰাশয়—পাপাশয়, বেয়া মতলব থকা।

 মই পাপাশয় অৰ্থাৎ মোৰ মন সদায় পাপলৈ ঢাল নয়; তাৰ ফলতেই মই দিনে দিনে অসংখ্য অমোঘ্ন অপৰাধ কৰোঁ হে কৃপাময় হৰি, মোক তোমাৰ দাস ভাবি অৰ্থাৎ সেৱকৰূপে গ্ৰহণ কৰি মোৰ সেইবোৰ দোষ ক্ষমা কৰা। [ তোমাৰ চৰণত মই একান্তে শৰণ ললোঁ, সৰ্ব্বদোষ ক্ষমা কৰি মোক পৱিত্ৰ কৰা আৰু তোমাৰ চৰণত আশ্ৰয় দিয়া।]