পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
সটীক নামঘোষা

[৩০৮]

নমো নমো ৰাম কৃষ্ণ প্ৰভু দেৱ
 তুমি মোৰ নিজ গতি।
হুয়োক সদায় যিমতে ৰহয়
 তোমাত নিৰ্ম্মল ৰতি॥

 হে কৃষ্ণদেৰ প্ৰভু, মই তোমাক নমস্কাৰ কৰোঁ, তুমিয়েই মোৰ আশ্ৰয়। প্ৰভু, মোৰ প্ৰতি কৃপালু হোৱা, যাতে তোমাৰ মোৰ নিৰ্ম্মল ভাৱ থাকে অৰ্থাৎ প্ৰভু, তুমি মোৰ প্ৰতি এনে কৃপবান হোৱা, যাতে সদায় তোমালৈ মোৰ অকপট ভক্তি থাকে।

[ ৩০৯ ]

চৰণত ধৰো কাতৰ কৰোহো  ইবাৰ নেৰিবা হৰি৷ পতিত পাবন দেৱ নাৰায়ণ  নাহিকে তোমত সাৰ॥

 “হে হৰি, তোমাৰ ধৰণত ধৰো আৰু অতি কাতৰ হৈ প্ৰাৰ্থনা কৰোঁ—আগৰ জন্মত মোৰ যি হবৰ হল, এই জম্মত আৰু মোক সংসাতৰ পেলাই নথবা অৰ্থাৎ মায়াত আৱন্ধ ৰাখি মোক আৰু সংসাৰত নাৰাখিবা; প্ৰভু, পতিতক পৱিত্ৰ কৰোঁতা, তোমাৰ সমান আৰু আন কোনো দেৱতা নাই।

 [তুমি পতিতপাৱন বুলি জানি তোমাক আশ্ৰয় কৰিছোঁ; এই বাৰ যেনে তেনে মোক উদ্ধাৰ কৰিবা।]