পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
সটীক নামঘোষা

[ ৩১০ ]

নমো নমো কৃষ্ণ তোমাৰ ভকতি
 মুকুতিকো কৰি বলে।
মোৰ তাকে মন দিয়োক শৰণ
 অৰুণ চৰণ তলে॥

মুকুতিকো কৰি বল - মুক্তিতকৈ শ্ৰেষ্ঠ।

মোৰ তাকে মন - মোৰ মনে তাকে পাবলৈ বাঞ্ছা কৰক।

 হে কৃষ্ণ, মই তোমাক মুৰ দোৱাঁই সেৱা কৰোঁ৷ তোমাৰ ভক্তি মুক্তিতকৈও শ্ৰেষ্ঠ অৰ্থাৎ ভক্তসকলে মুক্তিকো পাচ কৰি তোমাৰ ভক্তি লাভ কৰিবলৈহে যত্ন কৰে। প্ৰভু, তোমাৰ পদ পঙ্কজত মোক আশ্ৰয় দিয়া, মোৰ মনে তাকে (ভক্তি ) পাবলৈ বাঞ্ছা কৰে।

শ্ৰীৰাম নাৰায়ণ বসুদেৱ গোবিন্দ বৈকুণ্ঠ মুকুন্দ কৃষ্ণ।
শ্ৰীকেশৱানন্ত নৃসিংক বিষ্ণো। মাং ত্ৰাহি সংসাৰ ত্ৰিতাপ ক্লিষ্টম্॥

(৩১১-৩১৬)

[ ৩১১ ]

এ ভৱ সাগৰে মজি নাৰায়ণ
 মাতুৰ ভৈলো অপাৰ।
দীন অনাথক  তুমি কৃপাময়
 চৰণে কৰা উদ্ধাৰ॥

দীন— দৰিদ্ৰ, ভক্তিহীনজন।

[“অনাথক”ৰ ঠাইত “অপাৰ্থক” শব্দ কোনো কোনো ঠাইত পোৱা যায়।