পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
সটীক নামঘোষা

 হে প্ৰভু, তুমি চাৰিওফালে আৰু মোৰ অন্তৰতো চৈতন্য ৰূপে সকলোতকৈ শ্ৰেষ্ঠ হৈ আছা; মই নিশ্চয়কৈ বুজিব পাৰিছোঁ, তোমাৰ বাহিৰে মোৰ গতি নাই অৰ্থাৎ তুমি মোক মুক্তি নিদিলে আনে দিব নোৱাৰে; এতেকে মোক প্ৰভু সুমতি দিয়া, অৰ্থাৎ মোৰ চিন্তা সৎ কৰা বা তোমাৰ অভিমুখী কৰা।

[ ৩০৬ ]

হৰি ও হৰি কৰুণা সাগৰ
 কৰিয়ো কৃপা আমাক।
প্ৰিয়তম আত্মা সখা ইষ্ট গুৰু
 মানিয়া আছো তোমাক॥

 হে কৰুণাসাগৰ হৰি, মোক কৃপা কৰা; তুমিয়েই মোৰ প্ৰিয়তম আত্মা; তোমাকেই মই পৰম বন্ধু উপাস্য গুৰু বুলি ধৰি লৈছোঁ।

[ ৩০৭ ]

হে হৰি মোক দুৰাচাৰ বুলি
 নকৰিবা পৰিহাৰ।
তুমি বিনে মহা পতিত পাৱন
 কোন দেৱ আছে আৰ॥

 হে হৰি, তুমি মোক পাপী বুলি আশ্ৰয় নিদিয়াকৈ নাথাকিবা, কিয়নো তোমাৰ বাহিৰেনো মহাপাপীক উদ্ধাৰ কৰোতা আৰু কোন আছে?