পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
সটীক নামঘোষা

যমৰ কিঙ্কৰে তপত শলাক
 বাহৱে তাহাৰ কাণে॥

বাহৱে—সুমাই দিয়ে।

 বেদত যদিও ধৰ্ম্মৰ নানা-কথা আছে, তথাপি তাৰ সাৰ ভাগ হৈছে হৰিৰ নাম-গুণ-কীৰ্ত্তন। যি মানুহ এনে পৱিত্ৰ হৰিৰ নাম একান্তমনে শ্ৰৱণ-কীৰ্ত্তন নকৰে, সেই মানুহ মৰিলে যমদুতে সেই জীৱৰ কাণত তপত শলা সুমাই দিব।

মনুষ্য জন্ম সংপ্ৰাপ্য ন নাম গ্ৰহণং হৰেঃ।
কুৰ্য্যাৎ কদাপি চান্তেন হদৃশঃস নৰাধমঃ॥
ন তৎ কৰোতি সা মাতা ন পিতা নাপি বান্ধৱঃ।
যৎ কৰোতি হৃষীকেশঃ সন্তুষ্টঃ শ্ৰদ্ধয়াচ্চিতঃ॥

 (২৮-২৮৯)

[ ২৮৭ ]

আনন্দ সমুদ্ৰ হৰিৰ কীৰ্ত্তন
 যিটোজনে নেদে চিত্ত।
সিটো মুঢ়মতি হৰিৰ দুৰ্ল্লভ
প্ৰসাদে ভৈলা বঞ্চিত॥

 হৰিৰ নাম-কীৰ্ত্তন কৰিলে হৃদয়ত অপাৰ অনল জন্মে। এনে আনন্দ জন্মা হৰিৰ কীৰ্ত্তনত যি মানুহে মন নলগায় সেই পাপমতিয়ে