পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
সটীক নামঘোষা

হৰিৰ দুৰ্ল্লভ কৃপাৰপৰা বঞ্চিত হয়, অৰ্থাৎ যি হৰিৰ কৃপা বৰ কষ্ট কৰিহে লাত কৰিব পৰা যায় তেনে অনুগ্ৰহৰপৰা বঞ্চিত হয়।

[ ২৮৮ ]

মুকুত সকলো হৰিৰ কীৰ্ত্তনে
 কৰন্ত সদায়ে ৰতি।
হেন কীৰ্ত্তনত যিটো চিত্ত নেদে
 যায় সিটো অধোগতি॥

 মুক্তাত্মাসকলে হৰি নাম-গুণ-কীৰ্ত্তনত সদায় ৰত থাকে; এনে আনন্দদায়ক নাম-কীৰ্ত্তনত যি মন নিদিয়ে সেইলোক অধোগতি যায় অৰ্থাৎ তাৰ মুক্তি লাভ হয়।

[ ২৮৯ ]

কলিত জনম লভিয়া হৰিৰ
 নামত নকৰে ৰতি।
সিটো মূঢ়মতি আন কেন মতে
 সাধিবে আপোন গতি॥

 [কলিকালৰ বিহিত ধৰ্ম্ম হৈছে নাম-ধৰ্ম্ম; তপ, জপ, যাগ, যজ্ঞ আদি অন্য যুগৰ ধৰ্ম্ম, এইবোৰ কলিকালৰ সাধ্য ধৰ্ম্ম নহয়।] যি মানুহে কলিকালত উপজি হৰিনামত ৰতি নকৰে অৰ্থৎ নাম