পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
সটীক নামঘোষা

ৰাম নাভাবিয়া  আন আচৰিয়া
 কেনে আপোনাক বঞ্চা॥

অক্ষয় পুণ্য—যি পুণ্যৰ ফলত জীৱে পৰজন্মত সুখৰ ঠাই পায় আৰু

 তাৰপৰা নামিব নালাগে, অৰ্থাৎ ক্ষয়হীন পুণ্য।

 [হৰিনাম ললে তাৰ পুণ্যৰ ফলত মৃত্যুৰ পাচত জীৱে যি স্থান পায় ( মুক্তি) তাৰপৰা আৰু জীৰ ঘুৰি আহিব নালাগে; সেই নিমিত্তে হৰিনাম লোৱা পুণ্য অক্ষয় পুণ্য] হে ভাই, সুখেৰে আন কথা নকৈ মুখভৰি কেৱল হৰিনামক লৈ অক্ষয় পুণ্য সঞ্চয় কৰা। ভগৱানক নাভাবি বিষয় চিন্তা কৰি বা অন্য দেৱ-দেৱীক উপাসা কৰি নিজক সেই অক্ষয় পুণ্যৰপৰা কিয় বঞ্চনা কৰা।

[২৮৫ ]

হৰি কীৰ্ত্তনৰ সময় যিজনে
 থাকে আন কথা পাতি।
অন্তকালে নিয়া যমদূতে ধৰি
 কৰে তাক উগ্ৰ শাস্তি॥

 ভগৱানৰ নাম-গুণ-কীৰ্ত্তন কৰা সময়ত যি মানুহে তালৈ পিঠি দি আন কথা পাতি (বিষয় চৰ্চ্চা কৰি) থাকে, মৃত্যুৰ পাচত সেই জীৱক যমদুতে কঠোৰ দণ্ড দিয়ে।

[ ২৮৬ ]

বেদৰ ৰহস্য হৰিৰ কীৰ্ত্তন
 নুশুনিলে সাবধানে।