পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
সটীক নামঘোষ।

[ ২৪৭ ]

কৰা কোন কাম  বোলা ৰাম ৰাম
 তেজিয়ো মুখে আলাস।
ভকতৰ সঙ্গে হৰি গুণ গাই
 বৈকুণ্ঠে কৰিয়ো বা॥

 অন্ধ কামনা এৰা ভগৱানৰ নাম লোৱা; এলাহ এৰি ৰাম ৰাম মুখেৰে উচ্চাৰণ কৰা। ভকতৰ লগ লাগি বা সাধু-সঙ্গ হৈ হৰিনাম শ্ৰৱণ-কীৰ্ত্তন কৰি বৈকুণ্ঠবাসী হোৱা মুক্তি লাভ কৰা।

[ ২৪৮ ]

আন ধৰ্ম্ম যত  হৰিৰ নামৰ
 ৰেণুকো নোহে সমান।
হেন হৰিনাম অমৃত সাগৰে
 সন্তোষে কৰিয়ে পান॥

 অন্য দেৱ-দেৱীৰ পূজা-সেৱাৰ লগত হৰিৰ নাম-কীৰ্ত্তনৰ তুলনা নহয়, অৰ্থাৎ হৰিৰ নাম -কীৰ্ত্তন ধৰ্ম সকলো ধৰ্ম্মতকৈ শ্ৰেষ্ঠ; এনে সৰ্ব্বশ্ৰেষ্ঠ হৰিনাম একান্তমনে লৈ পৰম আনন্দে নামৰূপ অমৃত সাগৰত পৰি তাক পান কৰা অৰ্থাৎ শ্ৰদ্ধাৰেসৈতে সদায় নাম লৈ সন্তোষ লাভ কৰা।