পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
সটীক নামঘোষা

হৰি নুসুমৰে আনক আচৰে
 সেহিসে যমৰ ভাগ॥

ৰাগ-আসক্তি।

 হে সাধুজন শুনা, বিষয়ৰ মোহ বা ৰাগী এৰি অৰ্থাৎ বিষয় সুখৰ কামনা ত্যাগ কৰি নিষ্কাম ভাৱে ভগৱানক উপাসনা কৰা। যি মানুহে ভগৱানক চিন্তা নকৰি ফল কামনা কৰি অন্ত দেৱ-দেৱীক উপাসা কৰে, সেইলোক যমৰ ভাগৰ অৰ্থাৎ সেইলোক সকাম কৰ্ম্ম কৰাৰ ফলত সংসাৰ বন্ধনৰ হাত সাৰিব নোৱাৰে, পুনঃ পুনঃ জন্মে আৰু পুনঃ পুনঃ মৰে, মুক্তি নাপায়।

[ ২৪৬ ]

গোপাল গোবিন্দ মুকুন্দ শ্ৰীৰাম
 জয় সনাতন হৰি।
নিগম নিগূঢ় শ্ৰীহৰিৰ নাম
 লৈয়োক যতন কৰি৷৷

নিগম-বেদাদি শাস্ত্ৰ।

 গোপাল, গোবিন্দ, মুকুন্দ, শ্ৰীৰাম, সনাতৰ হৰি আদি ভগৱানৰ নামৰ জয় হওক অৰ্থাৎ এই নামবোৰ জীৱে লৈ জীৰৰ মঙ্গল সাধন কৰক। (কিয়নো) এই নামবোৰ ঈশ্বৰৰ তত্ত্ব থকা বেদ-ভাগৱত আদি শাস্ত্ৰৰ সাৰ-মৰ্ম্ম অৰ্থাৎ ঈশ্বৰৰ এই নামবোৰ একান্তমনে ললেই সকলো সিদ্ধি হয় বুলি বেদাদি শাস্ত্ৰত উল্লেখ কৰিছে।