পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
সটীক নামঘোষ।

[ ২৪৯ ]

হৰিৰ আশ্ৰয় জানিবা নিশ্চয়
 সুখৰ মূল কাৰণ।
হৰিত বিমুখ দুখৰ কাৰণ
 জানিবা নিষ্ট বচন॥

 ভগৱানক আশ্ৰয় কৰিলে সুখ জন্মে, তেওঁক এৰিলে সকলো প্ৰকাৰে দুখে আহি লগ ধৰে। ৰোগ, শোক, তাপ আদিয়ে সংসাৰী লোক দুখ দিয়ে; তদুপৰি মুক্তি লাতেই হৈছে জীৱৰ আচল সুখ। ৰোগ, শোক, আপত ধৈৰ্য্য ধৰি মনত সন্তোষ ৰাখিবলৈ আৰু মুক্তি লাভ কৰি প্ৰকৃত সুখ লাভ কৰিবলৈ ভগৱানৰ বাহিৰে আৰু জীৱৰ আশ্ৰয় স্থল নাই। যি মানুহে ঈশ্বৰলৈ পিঠি দিয়ে, তেওঁত শৰণ নলয়, সি সংসাৰত থকা কালডোখৰত শাস্তি নাপায়, আৰু মৃত্যুৰ পাচত মুক্তি লাভ কৰিব নোৱাৰে, পুনঃ পুনঃ সংসাৰত জন্মি নানা যাতনা ভোগ কৰে।

[ ২৫০ ]

বিধিৰ কিঙ্কৰ যতেক সাধন
 তক পাশ কৰি থৈয়ো।
বিধিৰ ঈশ্বৰ হৰি গুণ নাম
 তাহাতে শৰণ লৈয়ো॥