পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
সটীক নামঘোষা

 সাধুসকলৰ লগত সদায় মুখেৰে ভগৱানৰ নাম “হৰি" বাক্য বুলিবলৈ নেৰিবা অৰ্থাৎ সদায় সাধুসকলৰ লগত ভগৱানৰ নাম লবা; তেনেহলেহে পাপলৈ যাব খোজা চঞ্চল মন এক হবহি অৰ্থাৎ মুখেৰে ভগৱানৰ নাম লওঁতে মনটো ভগৱানৰ ভাৰত যুক্ত থাকিব।

[ ২৪১]

বোলা ৰাম হৰি  গোপাল গোবিন্দ
 মুকুন্দ যদু মুৰাৰি।
নিত্য নিৰঞ্জন  যাৰ এক নাম
 ভৱ তৰিবাক পাৰি।

 যি ভগৱানৰ এক নাম একান্তমনে উচ্চাৰণ কৰি মুক্তি লাভ কৰিব পাৰি, সেই ভগৱানৰ ৰাম, হৰি, গোপাল, গোবিন্দ, মুকুন্দ, যদু, মুৰাৰি, নিত্য-নিৰঞ্জন আদি নাম উচ্চাৰণ কৰা।

 আদিত্যশ্চন্দ্ৰাবনিলো নলশ্চ দ্যৌৰ্ভূমিৰাপো
 হৃদয়ং যমশ্চ।
অহশ্চ ৰাত্ৰিশ্চ উভে চ সন্ধ্যে ধৰ্ম্মশ্চ জানাতি
 নৰস্য বৃত্তম্৷৷২৪২

 

[ ২৪২ ]

ৰাম কৃষ্ণ হৰি  বোলা শুনা ভাই
 অন্যায় নকৰ মনে।