পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
সটীক নামঘোষা

অঞ্জনীয়া কৰি লৈয়ো--জ্ঞানৰ বা মুক্তিৰ পথ দেখুৱাই দিয়া স্বৰূপে লোৱা।

 চুড়িয়া-তাঙি।

 মহন্তসকলৰ লগত ৰাম নামকে মুক্তিৰ পথ দেখুৱাই দিয়া সম্বল স্বৰূপে লোৱা অৰ্থাৎ ভগৱানৰ নামকেই মুক্তিৰ বাট দেখুৱাই দিয়া কৰি লৈ ভক্তৰ লগত একান্তমনে ৰাম নাম লোৱা; আৰু হৃদয়ৰ কপট ঢাকোন অৰ্থাৎ বেঁকা ভাৱ এৰি একান্তমনে শ্ৰদ্ধাৰে সৈতে নাম লৈ নিজৰ হৃদয়ৰূপ ভঁৰালত ভগৱানক চোৱা। [ এক মনে ভগৱানৰ নাম ললে নিজৰ হৃদয়তে ভগৱানক দেখা পাবা। ]

[ ২৩৯ ]

ৰাম কৃষ্ণ ৰাম  কৃষ্ণ ৰাম কৃষ্ণ
 ৰাম কৃষ্ণ ৰাম হৰি।
আলাস তেজিয়া  জপিও হৰিক
 জানি এক মন কৰি॥

 এলাহ এৰি ভগৱানৰ ৰাম, কৃষ্ণ, হৰি আদি নাম একাত্মমনে সদায় মুখত লোৱা৷

[ ২৪০ ]

মহন্তৰ সঙ্গে সদায় মুখত
 নছাৰিবা হৰি বাণী।
তেবেসে চঞ্চল দুৰাচাৰ মন
 হৈবে আসি এক জানি॥