চৈধ্য সাক্ষী সমে যমৰ দেৱান
দেখিয়োক সৰ্ব্বক্ষণে॥
চৈধ্য সাক্ষী— চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ, অগ্নি, আকাশ, ভূমি, হৃদয়,
যম, ধৰ্ম্ম, দিবা ৰাতি আৰু উভয় সন্ধ্যা।
দেৱান-মন্ত্ৰী। যমৰ দেৱান-যমৰ মন্ত্ৰী, চিত্ৰগুপ্ত। চিত্ৰগুপ্তই অনাদি বিদ্যাৰ
সাক্ষীসহ মানুহৰ পাপপুণ্য লিখি থয়।
হে ই শুনা, ভগৱানৰ ৰাম, কৃষ্ণ, হৰি আদি নাম উচ্চাৰণ কৰা; কিন্তু মুখেৰে নাম উচ্চাৰণ কৰি মনত অন্যভাৱে নাভাবিবা অৰ্থাৎ সৰল চিত্তে শ্ৰদ্ধাৰেসৈতে মুখেদি নাম উচ্চাৰণ কৰা আৰু মনতো ভগৱানক ভাবা; চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ আদি চৈধ্য সাক্ষী আৰু চিত্ৰগুপ্তলৈ সদায় মনত ৰাখিবা; কিয়নো যদি তুমি মুখেদি নাম উচ্চাৰণ কৰি অন্য বিষয় ভাবা, তেন্তে অন্তৰে বাহিৰে থকা চৈধ্য সাক্ষীয়ে দেখা পাব আৰু বিদ্যাৰ সাক্ষী লৈ চিত্ৰগুপ্তই তোমাৰ এই কপটতাৰ পাপ লিখি ৰাখিব, তুমি মুখেৰে নাম লোৱাৰ একো সাৰ্থক নহব।
[২৪৩ ]
ভজিয়ে হৰিৰ চৰণ পঙ্কজে
তেজিয়ো অন্যত্ৰ কাম।
সমস্ত ধৰ্ম্মৰ ফল ৰূপ জানি
নেৰিবা হৰিৰ নাম॥