পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটাক নামঘোষা কপট ঢাকন ভাঙ্গি আৱে ভাই সন্তুষ্ট হুয়োক পিয়া। হৰি পদৰূপ মহা থালী ৰাম নামৰূপ অমৃতে তৰি আছে। আৰু সি কপটৰূপ ঢাকোনেৰে ঢাক খাই আছে; হে ভাই, সেই ঢাকোন এভিয়া ভাঙি ৰামনাম পান কৰি সন্তুষ্ট হোৱা। অৰ্থাৎ ভগৱানক এতিয়া চিন্তা কৰিলে তেওঁৰ নাম মনলৈ আহে আৰু সেই নাম যিমানে লোৱা যায়, মানে মনত আনন্দ লাগে। কিন্তু কপট ভাবে আমাৰ হৃদয়ৰ হৰিপদ ঢাকি ৰাখে অৰ্থাৎ আমি মুখে-পেটে এক হৈ হৰিক চিন্তা কৰিব নোৱাৰা বাবে তেওঁক ধাৰণা কৰিব নোৱাৰে। সেইকাৰণে কৈছো হে ভাই, তোমাৰ মনৰ বেঁকা ভাব গুচোৱা, মুখে-মনে এক হৈ ভগৱানৰ নাম লৈ অমৃত পান কৰাৰদৰে সন্তোষ লাভ কৰা আৰু অমৰ হোৱা বু! মুক্তি লাভ কৰা। [ ২৩৮] মহন্তসবৰ সঙ্গে বামনাম লৈয়ো অঞ্জনীয়া কৰি। চুড়িয়া হৃদয় ভাণ্ডাৰে দেখিয়ে হৰি। কপট দুৱাৰ অঞ্জনীয়া-অঞ্জনৰ নিচিনা জ্যোতি বঢ়োৱা বস্তু; অস্তুৰ পোহৰ কৰা বস্তু; যিজনে শৰণীয়া মানুহক আচাৰ-নীতি শিকায়।