পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo সটীক নামঘোষা সৰ্বশ্ৰেষ্ঠ ভগৱান দেৱতাসকলোৰ দুভ অৰ্থাৎ দেৱতাসকলেও বহুত কষ্ট কৰিহে তেওঁক পাব পাৰে; তেনে দেৱতাৰ দুভ ঈশ্বৰক ভক্তিয়ে অধীন কৰে অৰ্থাৎ জীৱে ভক্তি কৰি ঈশ্বৰক নিজৰ কৰি লৰ পাৰে। আগম, নিগম, গীতা, ভংগৰত আদি ধৰ্ম-গ্ৰন্থবোৰৰ গূঢ় অৰ্থ এয়ে; অৰ্থাৎ শাস্ত্ৰবোৰত সৰ কথা ইয়াকেহে কৈছে। [ ২২২] যম কাল মায়া মৃত্যুয়ে বেঢ়িয়া আছে বাঘজালি কৰি। হেনয় জীৱক কোনে ৰাখিবেক বিনে কৃপাময় হৰি। যম, কাল, মায়া, মৃত্যু এইসকলে বাঘ জালি কৰি জীৰ বেঢ়ি আছে; অৰ্থাৎ বাঘে চুপি থকাৰ দৰে যম, কাল আদিয়ে জীৱক কেতিয়া ধৰে, কেতিয়া ধৰে কৰি চাৰিওফালে আগুৰি আছে। এইদৰে চাৰি শত্ৰুৰে সদ’য় বেঢ়ি ৰধা জীৱক পৰম দয়ালু ভগৱানৰ বাহিৰে আন কোনে ৰক্ষা কৰিব? অৰ্থাৎ ভগৱানেহে কেৱল মৃত্যুৰ হাতৰপৰা ৰক্ষা কৰিব পাৰে অৰ্থাৎ মুক্তি দিব পাৰে; আন কোনো দেৱতাই ৰক্ষা কৰিব নোৱাৰে। ভগৱানক আশ্ৰয় নকৰিলে যম, কাল, মৃত্যু, মায়াৰপৰা উদ্ধাৰ হব নোৱাৰি অৰ্থাৎ মুক্তি লাভ কৰিব নোৱাৰাৰ ফলত সংসাৰত পুনঃ পুনঃ জম্মি যম, কাল আদিৰ হাতত সদায় লটিঘটি হব লাগে।