পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটক নামঘোৰ৷ লোকে একান্ত চিত্তে পৰমেশত বিশ্বাস ৰাধি নিৰাপদে সংসাৰত চলে। যি ঈশ্বৰক বিশ্বাস নকৰে তেওঁ আশ্ৰয়হীন; গতিকে তেওঁ সংসাৰত আটাইতকৈ দুখীয়া। ঈশ্বৰ-বিশ্বাসীয়ে ভগৱানৰ নাম লোৱাৰ ফলত তেওঁক দুধ-বেজাৰে পীড়িব নোৱাৰে; তেওঁৰ অন্তৰত সদায় সন্তোষভাৱে ঠাই নয়, তেওঁ চিৰ সুখী। { ২২ ] হৰিসে চৈতন্য আত্মা জ্ঞানময় আৱৰ সমস্তে জড়। বেদ বেদান্তৰ সমন্ত শাস্ত্ৰ এহিসে বিচাৰ বৰ। 9 হৰিয়েই জ্ঞানময় চৈতন্য স্বৰূপ আত্ম। অৰ্থাৎ জগতৰ চৈতন্যই ভগৱান, তেওঁ জ্ঞানময় আত্মাৰূপে জগতত পৰিব্যাপ্ত; তেওঁত বাদে সকলো জড়। ভগৱান জগতৰ স্ৰষ্টা; তেৱেই চৈতন্যৰূপে জগতত জিলিকি আছে, তেওঁৰ বাহিৰে বাকী সমস্ত জড়—মায়াৰ সৃষ্টি। বেদ-বেদান্ত আদি যিবোৰ আমাৰ ধৰ্ম গ্ৰন্থ আছে, সেইবোৰত এই জ্ঞানময় চৈতন্ত আত্মাৰেই গভীৰ আলোচনা আছে। [ ২২১] দেৱৰ দুৰ্লভ ভকতিসে কৰে বৈশ্য। আগম নিগম গীতা ভাগৱতে শাস্ত্ৰৰ ইটো ৰহস্য। ঈশ্বৰ কৃষ্ণক