পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৮। [ ২২৩ } পাপ সাগৰত তল নিয়াইলেক বলে কলি দুৰাচাৰ। ৰাম নামবিনে পাপ এইবাৰ উপায় নাহিকে আৰ। [ কলিকালৰ এট। প্ৰধান দোষ এই,—এই কালত জীৰ লেভিত পৰি অৰ্থাৎ মায়াত মোহ গৈ নিজক (আত্মতত্ত্ব) পাহৰে। সেইকাৰণে কলিকালক দোষ দি কৈছে ] দুষ্ট কলিকালে জীৱক লোভত পেলাই পাপত লিপ্ত কৰিলে। জীৱে এই পাপ; ৰাম- নামৰ বাহিৰে আনেৰে গুচাব নোৱাৰে; অৰ্থাৎ একান্তমনে ভগৱানৰ নাম লৈহে জীৱে কলিৰ পাপৰপৰা উদ্ধাৰ হব পাৰে বা তাত নপৰাকৈ থাকিব পাৰে। হৰিত শৰণ [ ২২৪ ] লৈয়া যিটো জন সদ ৰামনাম গাৰে। হোক বা সকাম নিষ্কাম তথাপি কলিৰ দোষে নাপাৱে। যি মানুহে একান্তমনে হৰিত আশ্ৰয় লৈ সকাম ভাৱে হওক বা নিষ্কাম ভাৱেই হওক, সদয় তেওঁৰ নাম লয়, তেওঁক কলিৰ