পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
সটীক নামঘোষা

 হে প্ৰভু, সাধুসকলে মুক্তিলাভ কৰা সুখকো ত্যাগ কৰি অৰ্থাৎ মুক্তিকো কামনা নকৰি তোমাৰ আশ্ৰয় লয় বা তোমাক সেৱা কৰি সেৱা-ৰসত মগ্ন থাকে; তাকে বুজিহে আদি-অন্ত- হীন চৰাচৰ বিশ্বৰ গিৰি ভগৱান, মই কাতৰভাৱে তোমাৰ চৰণত আশ্ৰয় লওঁ।

নমস্কাৰ

[ ১৯১ ]

নমো কৃষ্ণদেৱ পাপী বুলি কেৱ
 মোক মোৰ নোবোলয়।
পতিত পাৱন জানিয়া তোমাত
 আপুনি গৈলো বিক্ৰয়॥

 হে কৃষ্ণদেৰ, মই তোমাক প্ৰণাম কৰো অৰ্থাৎ মই তোমাত আশ্ৰয় ললোঁ৷ আন কেৱে মোক পাপী বুলি লব বা আশ্ৰয় দিব নোখোজে; তুমি পতিতক পৱিত্ৰ কৰোঁতে, তাক মই ভালদৰে জানি, তোমাত বেচা গলোঁ, মোক তুমি গ্ৰহণ কৰা।

[ ১৯২ ]

নমো হৰিপদ পঙ্কজ যুগল
 বিমল সুখ সাগৰ।