পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ সটীক নামঘোষা . হে মোৰ গৰাকী কৃষ্ণ, মই কেবল তোমাৰ অভয় পদতে আশ্ৰয় বিচাৰে, তুমি কৃপা কৰি মোক আশ্ৰয় দিয়া। তুমি আশ্ৰয় দিলেহে মাষাৰ পীড়নৰপৰা ৰক্ষা পৰিব পাৰিম অৰ্থাৎ তুমি অষ্ণুগ্ৰহ নকৰিলে মই একান্তমনে তোক ভজিব নোৱাৰিম আৰু তাৰ ফলতেই মায়াত পৰি মই লুটি-ঘটি হম বা বাসনা এৰিব নোৱাৰাৰ ফলত সংসাৰত ভ্ৰমি নানা লালাত ভোগ কৰিম—মুক্তি লাভ কৰিব নোৱাৰিম। [ ১৮৫ ] হে যদুপতি মই মুমতি নাজানো সেৱা তোম। কেবল তোমাৰ চৰণ পঙ্কজ শৰণ কৰিলে সাৰ। [ কৃষ্ণ ভগৱানৰ পূৰ্ণ অৱতাৰ; তেওঁ যদুকুলত উপজিছিল। সেই কাৰণে ভগৱানৰ এটা নাম যদুপতি।] হে যদুপতি, মই অতি অজ্ঞান, তোমাক কেনেকৈ সেৱ-পুজা কৰিব লাগে মই নাজানে। অৰ্থাৎ তোমাৰ নাম মন্ত্ৰ আদিৰ মোৰ একো ৰোধ নাই; সেই কাৰণে তোমাৰ চৰণ-পঞ্চজত আশ্ৰয় লোৱাৰুে অৰ্থাৎ একান্তমনে তোমাক ভবাকেই মই নিশ্চয় কৰিলে। [ প্ৰভু, তুমি মোৰ গৰাকী বুল বুজি তোমাও মোৰ চিত্ত সমৰ্পণ কৰাকে শ্ৰেষ্ঠ বুলি ধৰিলে।