পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ১৬৩ [ ১৮৬] পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী। তবু পাদ-পদ্ম সকল আশে শৰণ পশিললা আমি। পুৰুষ উত্তম-পুৰুষ শ্ৰেষ্ঠ। পৰৰ পৰ-পৰমাত্মা। পৰম আনন্দ-আনন্দময়। মকৰ-ফুলৰ মৌ, সুমধুৰ ৰস, ফুলৰ ৰেণু। হে পুৰুষশ্ৰেষ্ঠ, পৰমাত্মা আনন্দ পৰূপ মোৰ স্বামী, তোমাৰ চৰণৰূপ পদ্মফুলৰ সুমিষ্ট ৰস পাবলৈ আশা কৰি অৰ্থাৎ তামাক সেৱা কৰি সেৱ-ৰস ৰ ভক্তি-বস পাবলৈ তোক আশ্ৰয় কৰিলে। [ ১৮৭] প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন তাৰণ। তুমি প্ৰিয়তম পম দেবতা জানিয়া লৈলো শৰণ ঃ প্ৰণম্ন-ৰণাগত, অশ্ৰিত। হে প্ৰভু, তুমি চৰাচৰ বিশ্বৰ গৰাকী—যত বস্তু অ সঙ্গে। মোৰ; তোমাৰ আদি-অন্ত নাই, তুমি সকলেতকৈ ডাঙৰ, আশ্ৰিত