পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
সটীক নামঘোষা


অহং কিলেন্দ্ৰো দেৱানাং ত্বং গবামিন্দ্ৰতাং গতঃ।
গোবিন্দ ইতি লোকাস্তাং স্তোষ্যন্তি ভুবি শাশ্বতম্‌॥ ১৬৭

[ ১৬৭ ]

ইন্দ্ৰ আদি দেৱে গোৰ ইন্দ্ৰপাতি
 কৰিলন্ত অভিষেক।
পৰম প্ৰসিদ্ধ গোবিন্দ নামক
 ধৰিলা হৰি প্ৰত্যেক॥

গোৰ ইন্দ্ৰপাতি-বেদৰ ৰজা পাতি।
গোবিন্দ-বেদজ্ঞ।

 বেদ ভগৱানৰ তত্ত্বমূলক গ্ৰন্থ। বেদৰ সূক্তবোৰ ইন্দ্ৰ আদি দেৱতাসকলৰ স্তুতি গান। গতিকে ই আদি দেৱতাসকলে বেদত ভগৱানক স্থাপন কৰি নানা স্তুতি গানেৰে তেওঁক অভিষিক্ত কৰাৰদৰে ( ৰজা পতাৰদৰে) হৈছে। ভগৱান বেদত আছে, তেওঁ বেদজ্ঞ; এই কাৰণেই তেওঁ গোবিন্দ নাম লৈছে বা তেওঁক গোবিন্দ বোলোঁ।

[ ১৬৮ ]

দেশে কালে তাঙ্ক  একোৱে প্ৰকাৰে
 কৰিতে নপাৰে অন্ত।
এহি হেতুতেসে ঈশ্বৰৰ নাম
 প্ৰসিদ্ধ ভৈল অনন্ত॥