[ বিষ্ণুৰ কাণৰ মলৰপৰা মধুদৈত্য জন্ম হোৱা কথা পুৰাণত পোৱা যায়। মধু দৈত্য জন্মিয়েই ব্ৰহ্মাক মাৰিবলৈ উদ্যত হোৱাত বিষ্ণুৰে দৈত্যক বধ কৰে। ইয়াৰ ভাব হৈছে এই-মায়াই বিষ্ণুৰ কাণৰ মল; মায়াৰ পৰাই সকলোৰে জন্ম আৰু এই মায়াৰপৰা জন্মা মোহ পৰিয়েই জীৱ অহঙ্কাৰী হৈ উঠে; ভগবান দৰ্পহাৰী; তেওঁ জীৱৰ অহঙ্কাৰ চুৰ্ণ কৰে।]
মোহ জন্মোৱা মায়াই জীৱবোৰক বিষয়ত আসক্তি জন্মাই বলিয়া কৰাৰদৰে কৰে; কিন্তু পৰমেশ্বৰক যি একান্তমনে ভজে, সেই ভক্তৰ মায়া ভগৱানে আঁতৰায় অৰ্থাৎ ঈশ্বৰক ভজিলে মায়া আপুনি আঁতৰে। সেই কাৰণে পৰমেশ্বৰক মধুসূদন বোলে।
[১৬৬]
গো পদে বেদ ইন্দ্ৰিয়ক বুলি
কৰন্ত তাক পালন।
এতেকেসে তাঙ্ক বোলয় গোপাল
জানিবাহা মহাজন।
গোপাল-[ গো—(বেদ, ইন্দ্ৰিয়, গায়ত্ৰী) পাল-(পালন কৰা ) ] বেদৰক্ষক, ইন্দ্ৰিয় চলাওঁতা।
গো অৰ্থে বেদ আৰু গো অৰ্থে ইন্দ্ৰিয়ক বুজায়। পৰমেশ্বৰ জ্ঞান স্বৰূপ, বেদৰ প্ৰতিপাদ্য বিষয় তেৱেঁই; গতিকে তেওঁ বেদ ৰক্ষক। আমাৰ ইন্দ্ৰিয়বোৰো তেৱেঁই চলাইছে; এই কাৰণেই
সাধুসকলে তেওঁক ‘গোপাল’ বোলে।
১০