পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
সটীক নামঘোষা


দেশ -স্থান।
কাল- সময়।

 দেশ আৰু কাল ক’ত আৰম্ভ হৈছে আৰু ক’ত শেষ হৈছে তাক ঠিক কৰা টান। আমি ফুৰা এখন ঠাইক সেই অনন্ত অসীম স্থানে তাৰ সীমা নিৰূপণ কৰি দিব পাৰে; সেইদৰে অনন্ত কালেও আমাৰ জীৱন কালৰ বা আমি কল্পনা কৰা এটা মহা যুগৰ সীমা নিৰূপণ কৰি দিব পাৰে; কিন্তু ভগৱানক সেই অনন্তকালে বা অনন্ত স্থানে তেওঁৰ বিচৰণ কৰা স্থানৰ বা স্থিতি কৰা কালৰ সীমা নিৰূপণ কৰি দিব নোৱাৰে অৰ্থাৎ দেশ কালে তেওঁৰ অন্ত পেলাব নোৱাৰে। তেওঁ অনন্ত, দেশ-কালৰো অতীত।

[ ১৬৯ ]

যত বেদবাদী বেদক বিচাৰি
 কৰিতে নপাৰে আদি।
এতেকেসে তান  পৰম প্ৰখ্যাত
 হুই আছে নাম অনাদি॥

বেদবাদী —বেদ-শাস্ত্ৰত পণ্ডিত, বেদজ্ঞ।

 বেদ পৰমেশ্বৰৰ বাণী। ই তেওঁৰ তত্ত্বেৰে ভৰা শাস্ত্ৰ। কিন্তু বেদ জনা পণ্ডিতসকলে বেদ আলোচনা কৰি পৰমেশ্বৰৰ আদি অৰ্থাৎ তেওঁৰ জন্ম বা উৎপত্তিৰ বিষয়ে একো জানিব নোৱাৰে; সেইকাৰণে পৰমেশ্বৰৰ নাম 'অনাদি’ বুলি প্ৰখ্যাত হৈছে অৰ্থাৎ

ভগৱানক অনাদি বোলে।