পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৪ সটীক নামঘোষা মা-লক্ষ্মী, ধৰ পতি,-মাধৱলক্ষ্মীপতি। মা অৰ্থে লক্ষ্মী বা ঐশ্বৰ্য্য বুজায়; লক্ষ্মী বা ঐশ্বৰ্য্যৰ গৰাকী ভগৱান। এই কাৰণে সাধুসকলে গৱানক ‘মধৰ বোলে। | ১৬৪ { জনপদে মায়া দেৱীক বোলয় ভক্তৰ মায়া মৰ্দস্ত। এহি হেতুতেসে জনাৰ্দন নাম ধৰি আছা ভগৱন্ত। ‘জনা পদে মায়াক বুজাৰ; ভগৱন্তৰ আৰাধনা কৰিলে ঈশ্বৰে ভক্তক মায়া বন্ধনৰপৰা মুক্ত কৰে অৰ্থাৎ একান্তমনে ঈশ্বৰক ভজিলে জীৱৰ বিষয় বাসনা গুচে আৰু মুক্তি হয়—মায়াই জীৱক সংসাৰত বন্ধ কৰিব নোৱাৰে। এই কাৰণে ভগৱানৰ নাম জনাৰ্দন। উন্মত্ত কৰায়া [ ১৬৫ ] মধুমতী মায়া আছে যত জীৱগণ। ভক্তৰ মায়াক পীড়ন নিমিত্তে বোলয় মধুসূদন। -মধুসূদন-মধু ( দৈত্য) সূদন (বধকৰা), মধুদৈত্যক বধ কৰিছিল, সেই কাৰণে বিষ্ণুক মধুসূদন বোলে।