পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪২ সটীক নামঘোষা সেমিসে কাৰণে মহন্তসকলে বোলে তাঙ্ক নিৰঞ্জন! উপাধি—উপনাম আদি। নিৰঞ্জন-নিঃ( নাই} + অঞ্জন (মলি) নিৰ্মল। অহঙ্কাৰ, দম্ভ, হে আদি জীৰৰ গাত লগা উপাধি বা দোষ। ই জীৱক অধোগামী কৰে। পৰমেশ্বৰৰ গাত এইবোৰ দোষ নাই। গতিকে এইবোৰে তেওঁক দুষ্ট কৰিব নোৱাৰে, সাধুসকলে এই কাৰণে পৰমেশ্বৰক নিৰঞ্জন বোলে। [ ১৬১ ] সত্ত্ব ৰজ তম তিনি গুণ বৃত্তি লুপ্ত তা নয়। সোহসে কাৰণে বৈদশাস্ত্ৰগণে বোলে তা নিৰাময়। নিৰাময়নি: ( নাই। আময় = ৰোগ; ৰোগবিহীন; নিগুণ। সত্ত্ব, ৰজ, তম এই তিনি গুণ কম বেচি পৰিমাণে মানুহৰ গাত খাকি মানুহক সত্ত্বগুণ বা ৰজোগুণী নাইবা তমো গুণ কৰে; পৰমেশ্বৰক কিন্তু এই তিনি গুণে পীড়িব নোৱাৰে অৰ্থাৎ মনুহৰ দৰে তেওঁক সেই সেই গুণৰ গুপযুক্ত কৰিব নোৱাৰে; সেই কাৰণে জ্ঞানপূৰ্ণ বাৰে তেওঁক নিৰাময় অৰ্থাৎ নিশুণ বুলি ব্যাখ্যা কৰে।