পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৪১ জীৱক সৎ-অসৎ কৰ্ম্মত প্ৰবৃত্ত কৰাই জীৱক সুখ-দুখ দিয়ে; সকলো জীৱৰ অন্তৰত তেওঁ থাকি এইদৰে জীৱক চলোৱা বাবে সেই অনাদি অনন্ত প্ৰভুৱে পৰমাত্মা নাম পাইছে। পৰম ঈশ্বৰ [ ১৫৯ ] স্বৰূপে জীৱৰ আছন্ত হুয়া আশ্ৰয় এতেকেসে তাস্ক বুলি নাৰায়ণ নামৰ দিবা অন্বয়। জল সৃষ্টিৰ নাৰ-জল; অন--আশ্ৰয়; ভগৱানে আদি কালত জলত আশ্ৰয় কৰিছিল ৰা জলৰূপী তেওঁ নাৰায়ণ হৈছিল। আদি অৰ্থাৎ জলৰ পৰাই এই সৃষ্টি হৈছে আৰু চলিছে; এই কাৰণে ভগৱানক নাৰায়ণ বেলে ]। ভগৱান, সকলোতকৈ ডাঙৰ হৈ সকলো জীৱকে আশ্ৰয় দি ৰক্ষা কৰিছে; এই কাৰণে তেওঁক নাৰায়ণ বোলে। পানী সৃষ্টি ৰক্ষাৰ প্ৰধান সম্বল; পানীক আশ্ৰয় কৰিহে সৃষ্টি ৰক্ষা পৰিছে। গতিকে ভগৱানেই -জলক লৈ সৃষ্টি ৰক্ষা কৰাত তেওঁ নাৰায়ণ নাম পাইছে। [ ১৬• ] অহঙ্কাৰ আদি একোৱে উপাধি কৰিতে নপাৰে ছন্ন।