পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ যদ্বিশ্বমিদং সৰ্ব্বং তস্য শক্ত্যা মহাত্মনঃ। তদেবেচতে বিষ্ণুব্বিশ ধাতো প্ৰ:বশনাৎ১৫৬ [১৫৬] আত্মাৰূপে জানা ইটো জগতত আছস্ত হয়া প্ৰবেশ। এহি হেতুতেসে ঈশ্বৰক বিষ্ণু বুলিয়া নাম বিশেষ। বিষ্ণু–[ বিশ, { ব্যাপক ) + প ] সত্ব গুণময় ব্যাপক দেব; জগতৰ সকলো বৃদ্ধতে তেওঁ আত্মৰূপে আছে, সেয়ে ভগৱানক বিষ্ণু বোলে। (জগতৰ সন্ধা ভগৱান-গৱান আছে সেয়ে জগতৰ উদ্ভৱ। হৈছে; ঈশ্বৰ নাথাকিলে এই দৃশ্যমান জগতৰ উদ্ভৱ নহলহেঁতেন। ভগৱান এই জগতৰ সকলো বস্তুতে আত্মৰূপে আছে, এই কাৰণে ঈশ্বৰক বিষ্ণু নামেৰে বিশেষ কৰি বুজায় ! যিহেতু ঈশ্বৰ [ ১৫৭ ] ইন্দ্ৰিয়বৰ্গত আছন্ত হুয়া প্ৰবেশ। এতেকে মই সকলে বোলয় ঈশ্বৰক হৃষীকেশ॥