পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ : 8 - সটীক নামঘোষা ( হৃষীক শব্দৰ অৰ্থ জ্ঞানেন্দ্ৰিয়); চকু, নাক, কাণ, জিভা আৰু ছাল এই পাঁচবিধ জ্ঞানৰ দুৱাৰ বা ভনেত্ৰিয়। দৰ্শন, ঘ্ৰাণ, শ্ৰৱণ, আস্বাদন আৰু স্পৰ্শন এই পাঁচবিধ জ্ঞানৰ বিষয়। জ্ঞান কিন্তু এটা বস্তু-পাচটা তাৰ বিগহে। ভগৱান জ্ঞানময়; ভগৱান আমাৰ শৰীৰত আছে, এই কাৰণেই আমাৰ ইন্দ্ৰিয়বোৰে জ্ঞান পাইছে; সেই কাৰণে ভগৱানক ইন্দ্ৰিয়বোৰৰ অধিপতি বুলিব পাৰি। ভগৱানক হৃষীকেশ (জ্বীক+ঈশ} বোলাৰ কাৰ এয়ে। চকু, কাণ, নাক, জিভা আদি ইলিয়যোক ভগৱানে চায়, সেই কাৰণে সাধুসকলে তেওঁক হৃষীকেশ ফেলে। { ১৫৮ ] অন্তৰ্য্যামীৰূপে যিহেতু জীৱক সুখ-দুখ ভুঞ্জাৱন্ত। এতেকেসে পৰ মাত্মা নাম ধৰি আছন্ত প্ৰভু অনন্ত। অন্তৰ্যামী-জীৱৰ প্ৰবৃত্তি নিবৃত্তি নিয়ামক। পৰমেশ্বৰ জীৱৰ প্ৰবৃত্তি-নিবৃত্তিৰ নিয়ম কৰোঁতা; অৰ্থাৎ তেৰেই জীৱৰ অন্তৰ বুজি কৰ্ম্মত ইচ্ছা-অনিচ্ছা জন্মায়; এই দুই বৃপ্তিৰ ওপৰতেই মানুহৰ কৰ্ম্মফল নিৰ্ভৰ কৰে। সৎকৰ্ম্মত প্ৰবৃত্ত হলে জীৱৰ সুৰ অৰ্থাৎ মুক্তি, আৰু অসৎ কৰ্মত প্ৰবৃত হলে জীৱৰ দুখ অৰ্থাৎ বন্ধন হয়—জীৰে সংসাৰত ঘূৰি লটিঘটি হয়। ভগৱান অন্তৰ্যামী; তেওঁ জীৱৰ অন্তৰ আৰু তাৰ প্ৰাক্তন কৰ্ম্মফল বুজি