পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সটীক নামঘোষা

কৰাত ঈশ্বৰ তেওঁৰ হৃদয়ত উদয় হৈ সদায় আনন্দ দিয়ে। এই কাৰণে “ৰাম” পদে আচলতে পৰম ব্ৰহ্মকে বুজায়; শাস্ত্ৰত থকা ৰাম নামৰ এয়ে অৰ্থ।


আত্ম-উপদেশ

ৰুদ্ৰৰূপেণ সংহৰ্ত্তা বিশ্বনামপি নিত্যশঃ।
ভক্তানাং পাৱকো যে। হি হৰিন্তেন প্ৰকীৰ্ত্তিতঃ॥ ১৫৫


দুলড়ী

[ ১৫৫]

স্মৰণ মাত্ৰকে  যিহেতু দুৰ্ঘোৰ
সংসাৰ দুঃখ হৰন্ত।
এহি হেতুতেসে  ঈশ্বৰক হৰি
বোলয় যত মহন্ত।


 পৰমেশ্বৰৰ নাম স্মৰণ কৰিলে ( একান্তমনে মনত ভাবিলে) সংসাৰ দুখ গুচে অৰ্থাৎ, সংসাৰত জন্মি ৰোগ, শোক, দুধ, তাপ ভুঞ্জিব নালাগে বা মুক্তি হয়; এই কাৰণেই সাধুসকলে ঈশ্বৰক দুখ হৰণ কৰোতা “হৰি” বোলে। [ স্মৰণ মাত্ৰকে গজেন্দ্ৰৰ দুখ মোচন

কৰিবলৈ হোৱা অৱতাৰৰ নাম ‘হৰি”।]