পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। [*] অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তা ব্যাপকত কিবা বিসৰ্জন। এতান্ত মূৰ্তিশূন্য কেনমতে চিন্তিবাহ। ৰাম বুলি শুদ্ধ কৰা মন। অৰ্যক্ত-অপ্ৰকাশিত, লুকাই থকা, অতি সূক্ষ্ম, ব্ৰহ্ম। ঈশ্বৰ -ঈশ ( আধিপত্য বিস্তাৰ কৰ: ) শ্ৰেষ্ঠ, সকলোতকৈ ৰৰ, স্বামী। হৰি-দুখ হৰণ কৰুে ৰি, পৰমেশ্বৰ। ব্যাপক~-সৰ্বত্ৰ বিৰাজমান। কিব' বিসৰ্জন~-বিসৰ্জন কেনেকৈ হব পাৰে? সৰ্ব্ব দুখ হৰণ কৰেত সৰ্বশ্ৰেষ্ঠ ভগৱান অতি সুক্ষ্ম ৰ, তেওঁৰ স্কুল চকুৰে দেখা পোৱা নাযায়, হাতেৰে তেওঁক ধৰিব নোৱাৰি, তেওঁৰ বাক্যও কাণেদি নিৰলৈ পোৱা নাযায়। পিৰ পক্ষে আকৌ তেওঁ সৰ্বব্যাপক; ব্ৰহ্মাণ্ডৰ যত বস্তু আছে, সকলোতে তেওঁ বিৰাজমান; এনে অতি সূক্ষ্ম, অথচ সকলোতে সদায় থাকা বস্তুক আনান কৰি আনি পূজা কৰে। কেনেকৈ? আৰু তেওঁ সকলোতে সদায় থাকে যেতিয়া, পূজাৰ অন্তত বিসৰ্জনী পদ গাই বিদায় বা দিওঁ কেনেকৈ? এনে বিশ্বজুৰি থাকা অতি সূক্ষ্ম বা আকাৰহীন ভগৱানক কেনেকৈ চিন্তা কৰে। ৰুলি আকুল হোৱাৰ আৱশ্যক নাই। ভগৱান চৈতৰূপে তোমাৰ অপৰতো আছে যেতিয়, তেওঁৰ নাম লোৱনৰ লওঁতে লওঁতে তোমাৰ মন শুদ্ধ হলেই তুমি তেওঁক ‘শাত কৰিব পাৰিব বা তেওঁৰ অস্তিত্ব তোমাৰ অন্তৰত বোধ হব।