পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১১ তথা ন তে মাধৱ তাৱকা: কচিৎ। স্তি মাৰ্গাৎ ত্বৰি বদ্ধ সৌহৃদাঃ। স্বয়াভিগুপ্ত্যা বিচৰন্তি নিৰ্ভয়াঃ। অনেক বৈনায়ক মূদ্ধসু প্ৰতে। [ ৬ ] যিটো জনে শুদ্ধভাবে হৰিত শৰণ লৈয়া হৰিক সুহৃদ বুলি আছে। হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে || শুদ্ধ--পৰিত্ৰ, স্বাৰ্থ বা কামনাৰ চেকা নথকা। শুদ্ধভাৰে বিষৰ ভাৱনা এৰি, অকপট ভাৱে। সুহৃদ বুলি আছে—পৰম বন্ধু বুলি বিশ্বাস কৰে। বিক্সি-আপ, বাধা। | মন স্থিৰ কৰা টান-সি সদায় বিষয়ৰ নানা ভাৱনা লৈ নানা ফালে ধাৰিত হব খোজে।] যিলোকে বিষয়ৰপৰা মন আনি একান্ত ভাৱে অকপট চিত্তে নিজৰ হিয়াত থকা ভগৱানৰ আশ্ৰয় লৈ তেওঁৰুে পৰম বন্ধু বুলি বিশ্বাস কৰে, তেওঁক ভগৱানে কৃপা কৰে; অৰ্থাৎ সেইজন লোকে সৰ্বদুখহৰণকৰোতা ভগৱানক উপলব্ধি কৰি পৰম আনন্দ লাভ কৰিব পাৰে; ৰোগ, শোক, জৰা, মৃত্যু আদি সংসাৰৰ কোনো ভয়ে তেওঁৰ চিত্তৰ সেই আনন্দ হৰণ কৰিব নোৱাৰে।