পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
সটীক নামঘোষা


[ ১৪৩ ]

ক ঈ শ পদে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
 প্ৰতি প্ৰতি তিনিৰো অন্বয়।
ৱ পদে নাৰায়ণ তিনিকো আছয় ছান্দি
 এহি হেতু কেশৱ বোলয়॥

 ‘ক’ অৰ্থে ব্ৰহ্মা, 'ঈ' অৰ্থে বিষ্ণু আৰু ‘শ’ অৰ্থে মহেশ্বৰক বুজায়৷ ‘ৱ’ অৰ্থে নাৰায়ণ—'ৱ' টো ক+ঈ+শ ৰে সৈতে যোগ হৈ “কেশৱ” হৈছে। অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আশ্ৰিত হৈ নাৰায়ণ হৈছে। ‘ৱ’ টো নহলে ‘কেশ’ হলহেঁতেন; ‘কেশৱ’ হৈ ভগৱানক বুজাব নোৱাৰিলেহেঁতেন; এতেকে ‘ৱ’ টোৰেই ‘ক’ ‘ঈ’ ‘শ’ ক অৰ্থাৎ তিনিৰো অৰ্থক আগুৰি থকাৰদৰে হৈছে।

 সৃষ্টি, স্থিতি, প্ৰলয়কাৰী—ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিও “নাৰায়ণক” ছান্দি থকাৰ কাৰণে তিনিওজন দেৱতা “কেশৱ” শব্দত সোমাইছে। সেই কাৰণে ঈশ্বৰক “কেশৱ” বোলে।

ন চ্যবন্তে মহাভক্তা মহতাং প্ৰলয়াদপি।
অতোহচ্যুতোহধিলে লোকে ভগৱান্ পৰিকীৰ্ত্ত্যতে॥
 ( ১৪৪-১৪৭ )

[ ১৪৪ ]

ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি
 গুচয় সংসাৰ অদভুত।